অসমীয়া বাতৰি

শুদ্ধ, সত্য, বিশ্লেষণাত্মক

অসমীয়া বাতৰি

শুদ্ধ, সত্য, বিশ্লেষণাত্মক

অসম

নতুন দিল্লীত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল

গুৱাহাটী, ১৫ জানুৱাৰীঃ ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰসংগত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত আজি গৌৰৱ গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ আগত ছয়টা জনগোষ্ঠীৰ জনজাতিৰণ নহয় বুলি কৈছে৷ তেনেকৈ ক’বলৈ হু ইজ হিমন্ত বিশ্ব শৰ্মা? বিধানসভা নিৰ্বাচনৰ আগত ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি ক’বলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয়? তেওঁ সিদ্ধান্ত ল’ব নেকি? এয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ আইন৷” সংবাদমেলত, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্য সন্দৰ্ভতো অসম চৰকাৰক উদ্দেশ্যি কেবাটাও প্ৰশ্ন কৰে। অসম আৰক্ষীৰ দলে ছিংগাপুৰলৈ গৈ স্থানীয় আৰক্ষীৰে আলোচনা কৰাৰ পিছতো ছিংগাপুৰৰ আদালতত সেই দেশখনৰ তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিল বুলি কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয়, “এতিয়া প্ৰশ্ন হৈছে অসমৰ ৰাইজে বিশ্বাস কৰিব কাক? ছিংগাপুৰৰ চৰকাৰক বিশ্বাস কৰিব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব?”

তেওঁ কয় যে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, কেইবাবাৰো ৰাজহুৱাকৈ কোৱাৰ লগতে বিধানসভাৰ পৱিত্ৰ মজিয়াতো কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এইখিনিত গৌৰৱ গগৈয়ে কয়, “অসমৰ ৰাইজে কাক বিশ্বাস কৰিব?”

তেওঁ কয়, এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যা হ’ল। কিন্তু তাৰ বিপৰীতে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে কৈছে যে এয়া স্বাভাৱিক মৃত্যু। সেয়ে গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, “প্ৰশ্ন হৈছে দায়িত্ব কোনে পালন কৰা নাই? ছিংগাপুৰ চৰকাৰে দায়িত্ব পালন কৰা নাই নে হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা এছআইটিয়ে দায়িত্ব পালন কৰা নাই?”

ইফালে, প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰাৰ দুদিন পিছতে দলত্যাগ কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে কয় যে যদি আমি ঘটনাক্ৰম চাও তেন্তে দেখিম যে সিদিনা যোগদান কাৰ্যসূচীত ৯০ শতাংশ কথাবোৰ বৰ অসম সম্পৰ্কীয় আছিল৷ শিৱসাগৰ আৰু ধুবুৰীক ৰেজাউল কৰিমে যিধৰণে তুলনা কৰিব বিচাৰিলে সেয়া ভুল আছিল, অনুচিত আছিল৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেইখিনি কথাকে কৈছিল৷ মই দেৱব্ৰত শইকীয়াৰ কথাখিনিক সমৰ্থন জনাইছিলো৷ তেওঁ ক’লে যে ভৱিষ্যত বক্তৃতা দিয়াৰ আগত ভাবি-চিন্তি কথাবোৰ ক’ব লাগে৷ ময়ো তাকে ক’লো যে ভৱিষ্যতে কথা কোৱাৰ আগত সাৱধান হ’ব লাগে৷ পিছত ৰেজাউল কৰিমে নিজৰ বিবেকৰ কথা মতে দল এৰিছে৷ মোক পদত্যাগ পত্ৰ দিছে৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট বুলি কোৱা কথাটো অনুচিত বুলিও কয় গগৈয়ে৷ তেওঁ কয় যে কংগ্ৰেছ দলৰ এটাই লক্ষ্য৷ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সৈতে সম্পৰ্ক থকা তিনি-চাৰিজন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল৷ তেওঁলোক কংগ্ৰেছ দলত থাকি কংগ্ৰেছ দলৰ পৰা আঁতৰি গ’ল৷ তেওঁলোকৰ যি কেলেংকাৰী আছিল সেই কেলেংকাৰীৰ খলনায়ক আছিল হিমন্ত বিশ্ব শৰ্মা৷ আজি তেওঁলোক বিজেপিত সোমাইছে। কিন্তু আজি কংগ্ৰেছৰ দৰেই বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সৈতে থকা তিনি-চাৰিজন মানুহৰ কেলেংকাৰী আৰু অহংকাৰৰ বাবে মানুহে বিজেপি এৰিব ধৰিছে৷ ৷

গগৈয়ে আৰু কয় যে কংগ্ৰেছৰ মাজত কোনোধৰণৰ আভ্যন্তৰীণ সংঘাত নাই। বিজেপিৰ ভিতৰত চলি তথা আভ্যন্তৰীণ বিবাদৰ বাবেহে দলটোৱে কংগ্ৰেছক লৈ এনেধৰণৰ মন্তব্য কৰি আহিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, ”মই জানিব বিচাৰো যে বিজেপি দলৰ ভিতৰত কি হৈ আছে৷ বিজেপিয়ে নিজ দলৰ আন্তৰিক সংঘাত লুকাব বিচাৰিছে৷ আমি একত্ৰিত হৈছো হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ৷’’ তেওঁ আৰু কয় যে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ৷ আমি দেখা নাই নেকি কি হৈ আছে৷ উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই সভা কৰে৷ সভাত সৰ্বানন্দ সোণোৱালক নাৰাখে৷ হিমন্ত বিশ্ব শৰ্মাই সদায়েই ঘোষণা কৰে কিন্তু তিনিচুকীয়া, ডিব্ৰুগড়ৰ বাবে সৰ্বানন্দ সোণোৱালে যিখিনি ঘোষণা কৰিছিল সেই কাম এটাও নকৰিলে হিমন্ত বিশ্ব শৰ্মাই৷ সোণোৱালে ঘোষণা কৰা স্পৰ্টছ ইউনিভাৰ্চিটিৰ স্থান নাই, নাম নাই৷ বিজেপিত সৰ্বানন্দ সোণোৱালৰ অস্তিত্ব নাইকিয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ এই কথাত মই নিজেই আঘাত পাইছো৷ বিজেপিৰ পুৰণি সদস্যসকলে আঘাত পোৱা যেন লাগে৷ বিজেপিত নিৰ্দেশনা দিয়া হৈছে যে যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ বিচাৰে বা লগ পাব বিচাৰে তেন্তে সৰ্বানন্দ সোণোৱালৰ নাম নল’বা, চেহেৰা নেদেখাবা, মঞ্চত নিমন্ত্ৰণ নজনাবা৷ এইখিনি বিজেপিত হৈ আছে৷ এইখিনি কথা বাস্তৱ৷ এইখিনি কথা অসমৰ মানুহৰ মাজত চৰ্চা হোৱা উচিত বুলিও কয় গগৈয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *