প্ৰধানমন্ত্ৰীৰ অসম আগমণক ৰাজ্যিক বিজেপিৰ উষ্ম আদৰণি
গুৱাহাটী: ৰাজ্যবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ অহা ১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক ৰাজ্যিক বিজেপিয়ে উষ্ম আদৰণি জনাইছে৷ আজি বাজেপয়ী ভৱনৰ পৰা এক প্ৰেছ বিবৃতি জৰিয়তে ৰাজ্যিক মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে এই বিষয়ে সদৰী কৰি কয় যে, প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিটো ভ্ৰমণতেই অসমবাসীয়ে লাভ কৰে একোটি নতুন উপহাৰ৷ এইবাৰৰ ভ্ৰমণত প্ৰাধনমন্ত্ৰী গৰাকীয়ে অসমৰ ৰেল সংযোগ ব্যৱস্থাৰ এক নতুন সংযোজনৰ দিশে আগবাঢিছে৷ অসম ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী পৰা কলকতালৈ চলাচল কৰিব লগা ভাৰতৰ প্ৰথম বন্দেভাৰত শ্লীপাৰ ট্ৰেইন তথা লক্ষ্ণৌ আৰু ৰোহতক সংযোগ কৰা দুখন নতুন অমৃত ভাৰত ট্ৰেইনৰ ফ্লেগ অফ কৰি ৰাইজলৈ উচৰ্গা কৰিব৷ ইয়াৰোপৰিও ভাৰত আৰু ভূটান সংযোগী কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত নতুন ৰেলৱে লাইনৰ শিলান্যাস কৰিব৷
অসম চৰকাৰে অসমৰ সংস্কৃতি বিহু নৃত্য আৰু ঝুমুৰ নৃত্যক যেনেকৈ বিশ্বৰ মঞ্চলৈকে লৈ গৈছে ঠিকতেনেকৈ এইবাৰো অসমৰ অন্য এক লোকনৃত্য তথা বড়ো জনগোষ্ঠীসকলৰ বাগৰুম্বা নৃত্যকো বিশ্ব দৰবাদৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰ নৃত্য শিল্পীয়ে গুাৱাহাটী সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব৷ ইয়াৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাত ৬৯০০ কোটি টকা ব্যয়ৰে হ’বলগা প্ৰায় ৩৪ কিলোমিটাৰ কাজিৰঙা এলিভেটেড কৰিডৰৰো শিলান্যাস কৰিব৷
